ধনশিৰি মহকুমাৰ চুঙাজানত পুনৰ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ

ধনশিৰি মহকুমাৰ চুঙাজানত পুনৰ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ। দুদিনৰ ভিতৰতে দুখনকৈ ট্ৰাক জব্দ। জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ NL01 AD 8648 আৰু AD31 C0757 নম্বৰৰ বুলি জনিব পৰা গৈছে। লাচিত সেনা অসম সুৰক্ষা বাহিনীয়ে চুঙাজান আৰক্ষীক দুয়োখন গাড়ী চমজাই দিয়ে।

দুদিনৰ পুৰ্বে অৰ্থাৎ সোমবাৰেও লাচিত সেনা অসম সুৰক্ষা সমিতিয়ে এখন অবৈধ ভাৱে কয়লা কঢ়িয়াই অনা ট্ৰাক জব্দ কৰিছিল।তাৰ দুদিনৰ পিছতেই পুনৰ এখন অবৈধ ভাৱে কয়লা কঢ়িয়াই অনা ট্ৰাক সংগঠনটোৱে জব্দ কৰি চুঙাজান আৰক্ষীক চমজাই দিয়ে।

বিষয়টোৰ সন্দৰ্ভত জনৈক স্বৰ্গীয়াৰী, আহমেদ আৰু আলী উপাধিৰ চালক আৰু গাড়ীত কৰ্মৰত তিনি জন লোকক আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে। বিষয়টোৰ সন্দৰ্ভত চুঙাজান আৰক্ষীয়ে ২০/২২ u/s 379/420/407/406/417/34 নম্বৰত গোছৰ ৰুজু কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply