নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ অধ্যক্ষতাত আৰু সদস্যদ্বয় হিমাংশু শেখৰ দাস, আইএএছ (অৱসৰপ্ৰাপ্ত) আৰু আলোক প্ৰভাকৰ, আইপিএছ (অৱসৰপ্ৰাপ্ত)ক লৈ ০৩-০৫-২০২৩ আৰু পৰৱৰ্তী সময়ত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে তদন্ত আয়োগ আইন, ১৯৫২ৰ অধীনত এখনি তদন্ত আয়োগ গঠন কৰিছে।

এই আয়োগে মণিপুৰত সংঘটিত হিংসাৰ কাৰণ আৰু বিস্তাৰ সন্দৰ্ভত তদন্ত কৰিব আৰু কোনো দায়িত্বশীল কৰ্তৃপক্ষ বা ব্যক্তিৰ ফালৰপৰা কোনো ধৰণৰ ভুল হৈছিল নেকি, তাৰ তদন্ত কৰিব।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে ২০২৩ৰ ২৯ মে’ৰপৰা ১ জুনলৈকে মণিপুৰত থাকি সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিছত তদন্ত আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল।

আয়োগে যথাসম্ভৱ সোনকালে কেন্দ্ৰীয় চৰকাৰক তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।(দায়িত্ব গ্ৰহণৰ তাৰিখৰপৰা ছমাহৰ পূৰ্বে)। আয়োগৰ মুখ্য কাৰ্য্যালয় হ’ব ইম্ফল।

লগতে পঢ়ক – ৫ জুনত সকলো জিলাতেই পৰিৱেশন কৰা হ’ব “প্লাষ্টিক এৰো পৃথিবী গঢ়ো” শীৰ্ষক এখনি বাটৰ নাট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply