নিউজ ডেস্ক: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃ সংগঠন “সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ উদ্যোগত, “শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজ”ৰ পৃষ্ঠপোষকতাত আৰু “শ্ৰীশঙ্কৰদেৱ নেত্ৰালয়, গুৱাহাটী”ৰ সহযোগত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী মাধৱদেৱ আৰ্ন্তজাতিক প্ৰেক্ষাগৃহত দেওবাৰে আয়োজিত সমূহীয়া নেত্ৰদান কাৰ্যসূচীত অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানটো ২০০ গৰাকী মহানুভৱে স্ব-ইচ্ছাই মূল্যবান নেত্ৰজুৰি দৃষ্টিহীন ব্যক্তিৰ বাবে দান কৰি বদান্যতাৰ পৰিচয় দিয়ে৷
উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত কয়, নেত্ৰদান সৰ্বোত্তম দান ৷ নেত্ৰদানে দৃষ্টিহীন ব্যক্তিৰ জীৱন আলোকিত কৰে ৷ নেত্ৰদানে দৃষ্টিহীন ব্যক্তিৰ জীৱনলৈ নৱ প্ৰভাতৰ আগমন ঘটায় ৷
লগতে তেওঁ কয়, নেত্ৰদান কৰিবলৈ মনস্থ কৰা সকলৰ মহানুভৱতাৰ বাবে সহৃদয়তাৰে কৃতজ্ঞতা জনাইছোঁ আৰু এগৰাকী সহযাত্ৰী আমিও নেত্ৰদান কৰিবলৈ মনস্থ কৰিছোঁ৷

উক্ত অনুষ্ঠানটোত অসম চৰকাৰৰ মুখ্যসচিব পবন কুমাৰ বৰঠাকুৰ, সুপ্ৰভাত কলাক্ষেত্ৰৰ মুখ্য সমন্বয়ক প্ৰদীপ পূজাৰী, বিশিষ্ট চকু বিশেষজ্ঞ তথা শ্ৰী শঙ্কৰদেৱ নেত্ৰালয়ৰ অধ্যক্ষ ডাঃ হৰ্ষ ভট্টাচাৰ্য, নেত্ৰকোষৰ সঞ্চালক ডাঃ বাল মুকুন্দ আগৰৱাল, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি ডাঃ জয়দেব শৰ্মা, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট ভাস্কৰ্য আৰু চিত্ৰশিল্পী বীৰেন সিংহ আৰু বিশিষ্ট জলবিজ্ঞানী ডঃ অৰূপ কুমাৰ শৰ্মাও উপস্থিত থাকে ৷
লগতে পঢ়ক – ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ দেশৰ দীৰ্ঘতম ৰেল যাত্ৰাত “বিবেক এক্সপ্ৰেছ”ৰ নতুনকৈ ৰেলগাড়ীৰ সংযোজন