শিলচৰ : শিলচৰকে ধৰি সমগ্ৰ বৰাক উপত্যকাৰ অভূতপূর্ব বান পৰিস্থিতি সম্পর্কে অসম বিধান সভাৰ সদন কমিটীৰ তদন্ত দাবী কৰিছে কংগ্ৰেছ বিধায়ক ক্রমে কমলাক্ষ দে’ পুৰকায়স্থ, মিছবাহুল ইছলাম লস্কৰ, খলিলুদ্দিন মজুমদাৰে। শুকুৰবাৰে কংগ্ৰেছৰ তিনিওগৰাকী বিধায়কে এক পত্র যােগে অসম বিধান সভাৰ অধ্যক্ষক এই দাবী জনায়।

পত্ৰখনত বিধায়ক কেইগৰাকীয়ে কয় যে সমগ্ৰ বৰাক উপত্যকাত, বিশেষকৈ শিলচৰ চহৰত এইবাৰৰ অভূতপূর্ব আৰু বিধ্বংসী বান পৰিস্থিতিয়ে বিস্তৰ ক্ষতিসাধন কৰিলে। দুর্ভাগ্যজনকভাৱে অসম চৰকাৰে ইয়াক ‘মানৱসৃষ্ট’ প্রলয় বুলি অভিহিত কৰি ধ্বংসাত্মক বানৰ ক্ষয়ক্ষতিৰ পৰা দায় সাৰিবলৈ চেষ্টা কৰিছে। পত্ৰখনত আৰু কোৱা হৈছে যে বৰাক নদীৰ বেথুকান্দি এলেকাৰ মথাউৰি খণ্ডত এখন শ্লুইচ গেট নির্মাণৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত তদানীন্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈয়ে ২০১৫ চনতে অনুমােদন জনাইছিল।

চৰকাৰ এটা ধাৰাবাহিক ব্যৱস্থা। সেই পটভূমিতে শিলচৰ চহৰৰ বাবে অতিকে জৰুৰী এই শ্লুইচ গেটখন নির্মাণ প্রক্রিয়া আগবঢ়াই নিয়াটো পৰৱর্তী বি জে পি চৰকাৰৰ নৈতিক দায়িত্ব আছিল। কিন্তু দুখৰ বিষয় যে ২০১৬ চনত বি জে পিয়ে শাসনভাৰ লােৱাৰ পিছত চৰকাৰে অনুমােদন জনাই থােৱা বেথুকান্দি শ্লুইচ গেট নির্মাণ বন্ধ কৰি ৰখা হ’ল। বৰ্তমানৰ বি জে পি চৰকাৰখনেও বিষয়টোক গুৰুত্বহীন কৰি ৰাখিলে।

লগতে পঢ়ক –  ৰাজ্যত পুনৰ ভূমিস্খলনৰ ঘটনাত নিহত এটি শিশু

ইয়াৰ অবাঞ্চিত পৰিণতিত শিলচৰ চহৰৰ ৰাইজে আজি ভয়ংকৰ বানপানীৰ ধ্বংস মূৰপাতি ল’বলগীয়া হ’ল। ই ‘মানৱসৃষ্ট’ প্রলয় নহয়, বৰং বি জে পি চৰকাৰৰ সম্পূর্ণ প্রশাসনিক ব্যর্থতা’ বুলি উল্লেখ কৰি কংগ্ৰেছ বিধায়ক তিনিগৰাকীয়ে এই অৱহেলাৰ কাৰকসমূহ বিচাৰি উলিয়াই দোষীসকলক চিনাক্ত কৰিবলৈ শীঘ্ৰে অসম বিধান সভাৰ এখন সদন কমিটী গঠন কৰিবলৈ অধ্যক্ষক পত্রযােগে দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply