নিউজ ডেস্ক: হিমাচল প্ৰদেশৰ ১৫ সংখ্যক মুখ্য মন্ত্ৰী হিচাপে আজি শপতগ্ৰহণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা চাৰিবাৰৰ বিধায়ক সুখবিন্দৰ সিং সুখুৱে। চিমলাৰ ঐতিহাসিক ৰিজ ময়দানত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰেলকৰে সুখুক শপতবাক্য পাঠ কৰোৱায়।
একেটা অনুষ্ঠানতে ৰাজ্যপাল গৰাকীযে মুকেশ অগ্নিহোত্ৰীক ৰাজ্যখনৰ নতুন উপ-মুখ্যমন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱদ্ৰাকে ধৰি আন জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে শেহতীয়া হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে ৬৮ খন আসনৰ ৪০ খনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰি শাসনৰ বাঘজৰী দখল কৰিবলৈ সক্ষম হয়।
আজি শপতগ্ৰহণ কৰি সুখুৱে ৰাজ্যবাসীক উদ্দেশ্যে এখন নিকা আৰু স্বচ্ছ চৰকাৰ হিচাপে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
লগতে পঢ়ক – ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰাংকণ প্ৰতিযোগিতাত জিলিকিল নগাঁৱৰ ৰিচিতা ভট্টাচাৰ্য্য