গুৱাহাটী : মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে কংগ্ৰেছ দলে। কৃত্ৰিম বানৰ পৰা গুৱাহাটীবাসীক মুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পূজা-অৰ্চনাত বহিল কংগ্ৰেছ দল নেতা-কর্মী।

ৰাজহুৱা পূজা-অৰ্চনা কৰি গুৱাহাটীক বান মুক্ত কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে কংগ্ৰেছৰ নেতা-কর্মী সকলে।ৰুক্মিণী নগৰৰ বিহু মঞ্চৰ কাষত মহিলা কংগ্ৰেছ উদ্যোগত আয়োজন কৰা হয় এই পূজা-অৰ্চনা।

পূজা-অৰ্চনা আৰু নাম গাই গুৱাহাটীক বানমুক্ত কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী তথা বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপি দলে এতিয়া গুৱাহাটীবাসীক ভগৱানৰ ভৰসাত এৰি দিছে।

লগতে পঢ়ক – ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা স্থগিত

মীৰা বৰঠাকুৰে কয় “মুখ্যমন্ত্ৰী আৰু মেয়ৰে কৈছে এতিয়া ভগৱান ভৰসা, আমিও এতিয়া চৰকাৰৰ ওপৰত ভৰসা নকৰি ভগৱানৰ ওপৰত ভৰসা কৰিছো। ভগৱানে গুৱাহাটীখনক কৃত্ৰিম বানৰ পৰা মুক্তি দিয়ে”। এই চৰকাৰখন কমিচনৰ চৰকাৰ বুলিও কয় মীৰা বৰঠাকুৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply