গুৱাহাটী : অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ। সোমবাৰে ৰাজ্যজুৰি কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰোধিতা কৰি কংগ্ৰেছ দলে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপনায় কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ নিবনুৱাৰ ভৱিষ্যত ধ্বংসৰ অভিযোগ কংগ্ৰেছৰ।
কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ জুই সমগ্ৰ দেশতে বিয়পি পৰিছে। ইতিমধ্যে এই আঁচনিৰ বিৰুদ্ধে কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে দেশত। ৰে’ল জ্বলাই দিয়াৰ লগতে বিজেপি কাৰ্যায়লত আক্ৰমণৰ দৰে ঘটনাও সংঘটিত হৈছে অগ্নিপথ আঁচনিৰ বিৰোধিতা কৰি।
কংগ্ৰেছৰ দলেও কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰোধিতা কৰি আহিছে। সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছ দলে সমগ্ৰ অসমতে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যত অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে।
গুৱাহাটীৰ শিলপুখুৰীৰ আৰু নুনমাটিৰ মঠঘৰীয়াত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ এই সত্যাগ্ৰহ কাৰ্যসূচীত প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মী সকলে অভিযোগ কৰে যে অগ্নিপথ আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ নিবনুৱা সকলৰ ভৱিষ্যত ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে।