নিউজ ডেস্ক : সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী হাজিৰ হয় ইডি’ৰ কাৰ্যালয়ত। কংগ্ৰেছৰ নেতা গৰাকীক সোমবাৰে জেৰা চলায় ইডি’য়ে। ৰাহুল গান্ধীক ইডি’য়ে জেৰা চলোৱাৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছ দলে বিক্ষোভ প্ৰদৰ্শন কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
নেচনেল হেৰাল্ডৰ গোচৰৰ চমন জাৰি কৰি ইডি’য়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সোমবাৰে জেৰাৰ বাবে ইডি’ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল। ইডি’ৰ চমন লাভৰ পিছত ৰাহুল গান্ধী ভগ্নী প্ৰিয়ংকা গান্ধীৰ লগত পুৱাই ইডি কাৰ্যালয়ত উপস্থিত হয়। ইফালে কংগ্ৰেছ নেতা গৰাকীৰ সমৰ্থনত দিল্লীত কংগ্ৰেছ কর্মী সকলে এক বিশাল সমদল উলিয়ায়।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ইডি’য়ে জেৰা কৰাৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছ কর্মী সকলে বিক্ষোভ প্ৰদৰ্শন কৰে। অসমতো অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কর্মী একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কংগ্ৰেছ কর্মী সকলে পৰিৱেশ উত্তাল কৰি তোলে।
লগতে পঢ়ক – লংকাত পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে
প্ৰতিবাদকাৰী কংগ্ৰেছ নেতা-কর্মী সকলে বিভিন্ন বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে। প্ৰতিবাদী সমদল বাহিৰ কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰি কেইবাগৰাকী কংগ্ৰেছ নেতা-কৰ্মীক আটক কৰে। ৰাহুল গান্ধীৰ মুখ বন্ধ কৰিবলৈ বিজেপিয়ে নিকৃষ্ট ৰাজনীতি কৰা বুলিও অভিযোগ কৰে কংগ্ৰেছে।