মিছন বসুন্ধৰাৰ জৰিয়তে অতি কৌশলেৰে বাংলাদেশী আৰু বেদখলকাৰীসকলক ১৪ লাখ বিঘা পিজিআৰ, ভিজিআৰ মাটিত সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চয়ে।
প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই বুধবাৰে এক সংবাদমেলৰ জৰিয়তে জনাই যে এফালে উচ্ছেদৰ নাটক ৰচি আমচু, এআইইউদিএফ, কংগ্ৰেছৰ দ্বাৰা প্ৰতিবাদ কৰোৱাই আৰু আনফালে পিজিআৰ, ভিজিআৰ মাটি আবন্টন দি এনআৰচি, অসম চুক্তিৰ ৬ নং দফা, খিলঞ্জীয়াৰ সংৰক্ষণ, ভূমি অধিকাৰক নস্যাৎ কৰাৰ প্ৰস্তুতি চলাইছে।
তেওঁ উল্লেখ কৰে যে যি নথি-পত্ৰ ১৯৭১ চনৰ মতে এনআৰচিত নাম ভৰ্তিৰ কাৰণে যথেষ্ঠ নাছিল তেনে নথি-পত্ৰ জমা কৰি ভূমি পত্ৰ লাভ কৰাৰ জৰিয়তে নাগৰিকত্বৰ প্ৰমাণ পত্ৰ লাভ কৰিব। লগতে তেওঁ কয় গৰুখঁটিত ৮৪১ গৰাকীলোকৰ ঘৰ উচ্ছেদ কৰা লোকক দলগাওঁত বিঘাই বিঘাই মাটি দি চৰকাৰী সা-সুবিধা প্ৰদান কৰি বেদখলকাৰীক সুৰক্ষিত কৰা হৈছে।
সংবাদমেলত উপস্থিত থকা দক্ষিণ পশ্চিম গোৱাল সন্থাৰ সম্পাদক সত্যৰাজ ৰাজবংশীয়ে কয় যে গৰুখুঁটিত প্ৰকল্প নিৰ্মাণ কৰাৰ পিছত তেওঁলোকক চৰণীয়া পথাৰৰ পৰা বঞ্চিত কৰিলে আৰু সেই ভূমিত গৰু ম’হ চৰাবলৈ গৰুখুঁটি প্ৰকল্পক প্ৰতি বিঘাত প্ৰতিমাহে ১৬০০ টকাকৈ দিবলৈ গোৱাল সকলক বাধ্য কৰালে। কিন্তু ১৬০০ টকাৰ বিনিময়ত তেওঁলোকক প্ৰকল্পটোৱে কোনো ৰচিদ প্ৰদান নকৰে।
হাজৰিকাই সংবাদমেলত এই বুলিও জনাই যে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ২০০০ বিঘা মাটি মিচন অমৃত বসুন্ধৰাৰ আচঁনিৰ নাম লৈ নিজৰ সাম্ৰাজ্য বনাব লৈছে লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ক্ষেত্ৰতো একেই অভিযোগ উত্থাপন কৰে।