নিউজ ডেস্ক- অসম চৰকাৰে কালি জনতা ভৱনত অনুস্ঠিত কেবিনেট বৈঠকত গুৱাহাটী ৰে’ল ষ্টেচনলৈ যাত্ৰা কৰা যাত্ৰীসকলৰ সহজতাৰ বাবে আৰু বহুতো বিষয়ৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

গুৱাহাটী ৰে’ল ষ্টেচনলৈ যাত্ৰা কৰা যাত্ৰীবাহী যান-বাহনৰ চলাচল সহজ কৰাৰ বাবে আৰু পল্টন বজাৰ অঞ্চলৰ ভিৰ হ্ৰাস কৰাৰ বাবে, অসম চৰকাৰে ইয়াৰ শেহতীয়া কেবিনেট বৈঠকত পল্টন বজাৰৰ মাজেৰে ৰে’ল ষ্টেচনলৈ দ্বিতীয় প্ৰৱেশপথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে।

এই উদ্দেশ্যে কেবিনেটে পল্টন বজাৰৰ এএছটিচি ভূমি গুৱাহাটী ৰে’ল ষ্টেচনলৈ দ্বিতীয়বাৰ প্ৰৱেশ ৰখাৰ বাবে ৰে’ল কৰ্তৃপক্ষলৈ হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে। মুঠ ৪ বিঘা, ৪ কঠা আৰু ১৯ লেছা ৰ মাটি ৰে’ল কৰ্তৃপক্ষক হস্তান্তৰ কৰা হ’ব।

আনহাতে, ইয়াৰ বিনিময়ত এএছটিচিয়ে জালুকাবাৰীত ৰে’লৱেৰ ভূমিত ই ভি এল (ভূমিৰ সমমূল্য) আধাৰত ভূমিৰ সমান মূল্য লাভ কৰিব আৰু পল্টন বজাৰত বৰ্তমানৰ কাৰ্যালয়ৰ ডেপ্ৰিচিয়েটেড মূল্য লাভ কৰিব। লগতে, পল্টনবজাৰ দিশৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনত প্ৰৱেশ নিশ্চিতকৰণ হ’ব। দ্বিতীয় প্ৰৱেশদ্বাৰ নিৰ্মাণ হোৱাৰ লগে লগে সেই এলেকাত ভিৰ হ্ৰাস হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply