নিউজ ডেস্ক: অৱশেষত ক্ষমা খুজিলে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰে। এক ভিডিঅ’ জৰিয়তে বৰ্তমান পলায়ন কৰি ফুৰা ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰে ক্ষমা বিচাৰে।
উল্লেখ্য যে, যোৱা ২৭ এপ্ৰিল তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য লক্ষ্যদাস পানীকৰে প্ৰধানমন্ত্ৰীৰ জল-জীৱন আঁচনিৰ কাম ভালদৰে সম্পূৰ্ণ নকৰাৰ বাবে ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰক মুখামুখিকৈ অভিযোগ উত্থাপন কৰিছিল। যাৰ বাবে গুণ্ডা সদৃশ ঠিকাদাৰ নিৰ্মল কুমাৰে AJYCP ৰ সদস্য লক্ষ্যদাস পানীকৰক অন কেমেৰা চৰ শোধাইছিল।
এই কাণ্ডৰ পিছতেই বিভিন্ন দল-সংগঠনৰ লগতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই গুণ্ডা ঠিকাদাৰ নিৰ্মল কুমাৰক সকীয়নী প্ৰদান কৰিছিল। কিন্তু আচৰিত কথা যে, অসম আৰক্ষীয়ে ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰক গ্ৰেপ্তাৰ নকৰি শৃংখল চলিহাকহে গৃহ বন্ধী কৰিবলৈ ২৯ এপ্ৰিলত পুৱাই বাস গৃহ উপস্থিত হৈছিল।
আৰক্ষীয়ে গৃহবন্দী কৰাৰ পিছত শৃংখল চলিহাই কয় যে, তেওঁ জেললৈ যাবলৈ সাজু,কিন্তু অনা অসমীয়াক দিয়া চৰ গোৰ সহ্য কৰা নহ’ব। লগতে, অসমীয়াক আক্ৰমণ কৰিলে প্ৰতাক্ৰমণ কৰা হ’ব বুলি চলিহাই কৈছিল।
অসম আৰক্ষীয়ে গুণ্ডা ঠিকাদাৰ নিৰ্মল কুমাৰক বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱাত দেওবাৰে নিশা AYJCP সদস্যই শিৱসাগৰৰ পথ অৱৰোধ কৰাৰ লগতে ঠিকাদাৰৰ বাসগৃহ ঘেৰাও কৰে। ইফালে এজন সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সময়তো গালৈ শিলগুটি নিক্ষেপ কৰে গুণ্ডা ঠিকাদাৰ নিৰ্মল কুমাৰৰ সমৰ্থকে।
উল্লেখ্য যে, পলাতক হৈ থকা ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰে কোনো অজ্ঞাত স্থানৰ পৰাহে সামাজিক মাধ্যমত ভিডিঅ’ প্ৰেৰণ কৰি ক্ষমা খুজিছে। ক্ষমা যদিও খুজিছে তথাপিও AJYCP সদস্যই এনে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰা ভিডিঅ’ জৰিয়তে ক্ষমা কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে।
লগতে পঢ়ক – ‘মন কী বাত’ৰ ১০০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ