নিউজ ডেস্ক: বৰ্তমান মানুহৰ ব্যস্ততাৰে ভৰা জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যভাস, আৰু অত্যাধিক কামৰ হেঁচা অথবা মানসিক উদ্বগৰ ফলত বহুতেই আজিকালি প্ৰায় উচ্চ ৰক্তচাপৰ সমস্যাত ভোগে। ইয়াৰ ফলত এনে লোকসকলে চিকিতসকৰ কাষ চাপে। কিন্তু কেৱল ৰাসায়নিক ঔষধৰ দ্বাৰাই ইয়াক চিৰদিনৰ বাবে নোহোৱা কৰিব পাৰি তেনে নহয়। নিয়মিয়া ব্যায়াম, যোগাসনৰ জৰিয়তে ৰক্তচাপৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়। এনে ক্ষেত্ৰত যোগাসনৰ সহায় লব পাৰি।

তলত উল্লেখ কৰা যোগাসনৰ জৰিয়ৰে আপুনি আপোনাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰিব-

১. পশ্চিমোত্তাসন : এই আসন কৰিবলৈ হ’লে প্ৰথমে শুই দুয়োখন হাত মূৰৰ দুয়োপিনে ওপৰলৈ ৰাখক। ভৰি দুখন একেলগ কৰি ৰাখিব তাৰ পাছত লাহে লাহে উঠি বহি লৈ সন্মুখৰ ফালে হাউলি লৈ দুহাতেৰে ভৰিৰ বুঢ়া আঙুলি দুটা স্পৰ্শ কৰক। লগতে দুয়ো ভৰিৰে কপাল স্পৰ্শ কৰাৰ চেষ্টা কৰক। কিছুসময় এনেধৰণে থকা পাছত লাহে লাহে স্বাভৱিক অৱস্থালৈ উভতি আহক।

২. শবাসন : এইবিধ আসন কৰিবলৈ সহজ যদিও এই আসনবিধ কৰিবলৈ মানসিক স্থিৰতাৰ প্ৰয়োজন। শবাসনৰ বাবে চিত হৈ শুই দুয়ো ভৰি দীঘলকৈ মেলি দিয়ক। হাত দুখন শৰীৰৰ দুয়োফালে সংলগ্ন কৰি ৰাখক। হাতৰ তলুৱা শিথিল কৰি ৰাখক। এইবাৰ দুয়োটা চকু কিছুসমসয় বন্ধ কৰি ৰাখক এনেদৰে কিছু সময় থকা পাছত লাহে লাহে উঠি বহক। এই আসনে মন আৰু মগজু শান্ত কৰি ৰখাত সহায় কৰে।

৩. বলাসন : এই আসন কৰিবলৈ হ’লে প্ৰথমে বজ্ৰাসন কৰা ধৰণে বহি লওক। হাত দুয়োখনেৰে প্ৰণাম কৰাৰ ভংগিৰে সন্মুখৰ পিনে হাউলি বহাৰ চেষ্টা কৰক। এইবাৰ লাহে লাহে উশাহ লৈ এৰক। এনেদৰে কিছুসময় কৰাৰ পাছত স্বাভাৱিক অৱস্থালৈ উভতি আহক।

এইকেইটা আসন নিয়মীয়াকৈ কৰি থাকিলে কেইদিনমানৰ ভিতৰতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হ’বলৈ আৰম্ভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply