নিউজ ডেস্ক – অসম আৰক্ষীৰ এজন উপ-পৰিদৰ্শকক শিৱসাগৰৰ আৰক্ষী থানাৰ ভিতৰত অভিযুক্ত এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই। তথ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়াগৰাকী উপ-পৰিদৰ্শক ৰিপজ্যোতি দলে।

সূত্ৰ অনুসৰি, এগৰাকী মহিলাক শুক্ৰবাৰে নিশা এগৰাকী স্থানীয় ব্যৱসায়ীৰ পৰা অভিযোগ পোৱাৰ পিছত আটক কৰিছিল শিৱসাগৰ আৰক্ষীয়ে।

সমগ্ৰ ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয়, “যেতিয়া মহিলাগৰাকী শিৱসাগৰ আৰক্ষী থানাত জিম্মাত আছিল, তেতিয়াই তদন্তকাৰী বিষয়া উপ-পৰিদৰ্শক আছিল থানাতেই আছিল। মাজনিশা উপ পৰিদৰ্শক ৰিপজ্যোতি দলেই মহিলাগৰাকীক জেৰা কৰিছিল। ইয়াৰ পিছতেই মহিলাগৰাকীয়ে অভিযোগ দাখিল কৰিছিল যে বিষয়াজনে তেওঁক যৌন নিৰ্যাতন কৰাৰ চেষ্টা কৰিছিল।”

উল্লেখ্য যে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই কয়, “মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত স্থানীয় পৰ্যায়ৰ তদন্তত এগৰাকী মহিলাৰ শালীনতা হানিৰ অভিযোগত আমি ৩১ ডিচেম্বৰত এছ আই ৰিপজ্যোতি দলেক গ্ৰেপ্তাৰ কৰিছিলো।”

বৰাই লগতে কয়, “উপ-পৰিদৰ্শকজনক ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হৈছে। অৱশ্যে এতিয়া তেওঁক জামিনত মুকলি কৰি দিয়া হৈছে।”

এই সন্দৰ্ভত শিৱসাগৰ আৰক্ষী থানাত ৩৫৪/৩৫৪(এ) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু সবিশেষ তদন্ত চলি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply