নিউজ ডেস্ক: মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ আঠ মাহ পিচত শনিবাৰে অৰ্থাৎ কালিলৈ অনুষ্ঠিত হ’বলৈ গৈ আছে ইংলেণ্ডৰ নতুন ৰজা চাৰ্লছৰ ৰাজ্যাভিষেক। ৱেষ্টমিনষ্টাৰ এবেত অনুষ্ঠিত হ’বলীয়া এক ধৰ্মীয় অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৭৪ বছৰীয়া চাৰ্লছ তৃতীয় আৰু তেওঁৰ পত্নী কেমিলাক ৰাজমুকুট পৰিধান কৰোৱা হ’ব।
জানিব পৰা অনুসৰি, এই ৰাজ্যাভিষেকৰ বাবে সকলো ব্যয় ব্ৰিটিছ চৰকাৰে বহন কৰিব। এই ব্যয়ৰ পৰিমাণ প্ৰায় ১,০২১ কোটি টকা। ভাৰতীয় সময় অনুসৰি আবেলি ৪.৩০ বজাত এই ৰাজ্যাভিষেকৰ অনুষ্ঠানটোৰ আয়োজন কৰা হ’ব।
উক্ত ৰাজ্যভিষেকত বিভিন্ন দেশৰ প্ৰায় ২,০০০ বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। এই ৰাজ্যভিষেকত ভাৰতৰ হৈ ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকিব নোৱাৰিব যদিও অনুষ্ঠানত ভাৰতৰ হৈ প্রতিনিধিত্ব কৰিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। লগতে অভিনেত্রী সোনম কাপুৰেও অনুষ্ঠানত অংশ ল’ব বুলি জানিব পৰা গৈছে।
ইয়াৰোপৰি, অনুষ্ঠানটোত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহেকে ধৰি আন বহুতো আন্তঃৰাষ্ট্ৰীয় নেতা আৰু ৰাজনৈতিক গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনেও অনুষ্ঠানটোত উপস্থিত নাথাকে যদিও দেশখনৰ হৈ ফাৰ্ষ্ট লেডী জিল বিডেনে আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিব।
ৰাজ্যাভিষেক অনুষ্ঠান সন্দৰ্ভত ভাৰতত বিতৰ্কৰ এটা সচৰাচৰ বিষয় আছিল ৰজাৰ সহধৰ্মিনী কেমিলাই ভাৰতীয় বংশোদ্ভূত কহিনুৰ হীৰাৰ সৈতে মুকুট পিন্ধিব নেকি। কিন্তু শেহতীয়াভাৱে ৰাজপৰিয়ালে নিশ্চিত কৰিছে যে কহিনুৰ মুকুট নতুন ৰাণীয়ে নিপিন্ধে।

উল্লেখ্য যে, ইংলেণ্ডৰ এই ৰাজপৰিয়ালত সাত দশকৰ পিছত অনুষ্ঠিত হ’বলৈ ৰাজ্যভিষেক। ৰজা জৰ্জ ষষ্ঠ মৃত্যু হোৱাৰ পিছত ১৯৫৩ চনত মহাৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজ্যভিষেক অনুষ্ঠিত হৈছিল। এই ৰাজ্যাভিষেকৰ সময়ত ব্যয় হৈছিল ৫২৮.৭ কোটি টকা। সেই সময়ত ভাৰতৰ হৈ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অংশগ্ৰহণ কৰিছিল।
লগতে পঢ়ক – ২৭ মে’ত ডিব্ৰুগড়ৰ পৰা আৰম্ভ “ভাৰত গৌৰৱ পৰ্যটক ৰে’ল” সেৱা