নিউজ ডেস্ক: ভাৰতত নতুনকৈ ৩,৮০৫ জন লোক ক’ভিডত আক্ৰান্ত হৈছে, ফলত দেশত বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ২০,৩০৩ জনলৈ বৃদ্ধি পাইছে। শনিবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দিনটোত ২২ গৰাকী ক’ভিড ৰোগীয়ে মৃত্যুক সাবটি লয়।
এই পৰ্য্যন্ত দেশত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪,৩০,৯৮,৭৪৩ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,২৪,০২৪ গৰাকীলৈ বৃদ্ধি পাইছে।
মৃ্ত্যুক সাবটি লোৱা ২২ গৰাকী লোকৰ ভিতৰত কেৰেলাতে সৰ্বাধিক ২০ জন ক’ভিড ৰোগীৰ মৃত্যু হয়।
দেশত দৈনিক সংক্ৰমণৰ হাৰ হৈছে ০.৭৮ শতাংশ আৰু সাপ্তাহিক সংক্ৰমণৰ হাৰ ০.৭৯ শতাংশ। আনহাতে, স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা মতে দেশত বৰ্তমান আক্ৰান্ত হৈ থকা ক’ভিড ৰোগীৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ০.০৫ শতাংশ। ইয়াৰ উপৰি সুস্থ হৈ লোকৰ হাৰ হৈছে ৯৮.৭৪ শতাংশ।
উল্লেখযোগ্য যে Indian SARS-CoV-2 Genomics Consortiumয়ে জনোৱা অনুসৰি ভাৰতত কোভিড সংক্ৰমিত লোকসকলৰ শৰীৰত অমিক্ৰনৰ নতুন ভেৰিয়েন্ট পোৱা গৈছে। শেহতীয়া অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি, ব্ৰিটেইনৰ বিশেষজ্ঞসকলে কৈছে যে এই ভেৰিয়েন্ট এতিয়ালৈকে ভাৰতত পোৱা কোভিডৰ বিভিন্ন প্ৰজাতিতকৈ বেছি মাৰাত্মক নহয়। ই তীব্ৰগতিত সংক্ৰমিত হ’ব নোৱাৰে।
লগতে পঢ়ক – অৱশেষত ফাদিল হ’ল ৰহস্য! দিছপুৰ কলেজে ঘূৰাই পাব হেকাৰে লুটি নিয়া ৭৬ লাখ টকা