নিউজ ডেস্ক- কালি অনুস্থিত ৰাজ্যিক কেবিনেটৰ বৈঠকে ৮৫২.৬৮ কোটি টকা ব্যয়ৰে ভাৰতৰ দ্বিতীয়খন সৰ্ববৃহৎ অভাৰ ব্ৰীজ এলিভেটেড কৰিডৰ নিৰ্মাণত অনুমোদন জনায়।

উল্লেখ্য যে, ২০২৩-২৪ বৰ্ষৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুজিঁৰ অধীনত জি এন বি ৰোডত দীঘলীপুখুৰীৰ পৰা এফ চি আই গুদামৰ কাষত নুনমাটিৰ দিশলৈ ৪ লেনযুক্ত এলিভেটেড কৰিড’ৰ নিৰ্মাণ কৰা হ’ব। ৰাজ্য চৰকাৰে প্ৰস্তাৱিত কৰা এই এলিভেটেড ৰোডে গুৱাহাটীৰ জি এন বি ৰোডত বাহনৰ চলাচল সুশৃংখল কৰাৰ লগতে যান- জট হ্রাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ ৰাজগড় ৰোডৰ ফালে ২ লেনযুক্ত পথৰ সম্প্ৰসাৰণতো অনুমোদন জনায় কেবিনেটে। কেবিনেট বৈঠকৰ অন্তত জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই কয় যে দেশৰ ২য় সর্ববৃহৎ অভাৰব্রীজ ৪ লেনযুক্ত হ’ব এই অভাৰব্ৰীজখনৰ দৈৰ্ঘ্য হ’ব ৫.৪ কিঃমিঃ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply