নিউজ ডেস্ক- উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কালি আনুষ্ঠানিকভাৱে সমগ্ৰ দেশৰ ভিতৰতে দ্বিতীয়টো অক্সিজেন জেনেৰেশ্যনৰ পৰীক্ষাগাৰ উদ্বোধন কৰা হয়। ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই পৰীক্ষাগাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ সন্থা United States agency international development, চমুকৈ USAID-ৰ উদ্যোগত আৰু অন্য দুটা বিশেষ সন্থাৰ সহযোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এই পৰীক্ষাগাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
উল্লেখ্য যে দেশৰ ভিতৰতে দ্বিতীয়টো অক্সিজেন উৎপাদনৰ এই পৰীক্ষাগাৰত ভিন্ন সূক্ষ্ম বিশ্লেষণ তথা অক্সিজেন উৎপাদনৰ নিৰীক্ষণ কৰা হ’ব।
অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কুমাৰ কাকতীয়ে ভাষণত উল্লেখ কৰে যে, এই পৰীক্ষাগাৰটোত দেশ তথা বিদেশৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰী, গৱেষক, শিক্ষার্থীসকলক অক্সিজেন উৎপাদনৰ বিভিন্ন দিশ আৰু কৌশলৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই পৰীক্ষাগাৰত বিভিন্ন পৰ্যায়ত অক্সিজেন গঠন, সৃষ্টি, উৎপাদন প্ৰণালীৰ ক্ষেত্ৰত বিশেষভাৱে পৰ্যবেক্ষণ কৰা হ’ব বুলিও তেওঁ ব্যক্ত কৰে।
আনহাতে, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে এই লেবৰ উদ্বোধন কৰি কয়, ইয়াৰ দ্বাৰা অসম চিকিৎসা মহাবিদ্যালয়খনৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্যকেইখনৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ’ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উক্ত সংস্থাটোক এনেধৰণৰ মূল্যৱান আৰু গুৰুত্বপূৰ্ণ কৰ্মৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ক বাছনি কৰা বাবে কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
উক্ত অনুষ্ঠানটোত অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ প্রশান্ত দিহিঙীয়াকে ধৰি শিক্ষানুষ্ঠানখনৰ অধ্যাপক- অধ্যাপিকা, ছাত্র-ছাত্রী, নিমন্ত্ৰিত অতিথিসকলৰ উপৰি কৰ্মচাৰীসকল উপস্থিত থাকে।