নিইজ ডেস্ক: আকৌ বিপদত পৰিব নেকি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। ৰাহুল গান্ধীৰ পিছত এইবাৰ বিপদ নামি আহিছে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ। তেওঁৰ বিৰুদ্ধে পঞ্জাৱৰ এখন আদালত ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিছে বজৰং দল নেতৃত্বই।

শেহতীয়া ভাৱে কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বজৰং দলক নিষিদ্ধ ইছলামিক সংগঠন পপুলাৰ ফণ্ট অৱ ইণ্ডিয়াৰ লগত তুলনা কৰি মন্তব্য কৰিছিল। যাৰ বাবে বজৰং দল হিন্দৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে খাৰ্গেৰ বিৰুদ্ধে এই মানহানি গোচৰ তৰিছে।

ভৰদ্বাজে জনোৱা অনুসৰি, কংগ্ৰেছে কৰ্ণাটক নিৰ্বাচনৰ বাবে তৈয়াৰ কৰা ইস্তাহাৰতো বজৰং দলক আল-কায়দাৰ দেশৰ বিৰোধী সংগঠৰ সৈতেও তুলনা কৰিছিল। ভৰদ্বাজৰ এই আবেদনৰ পিছতেই অহা ১০ জুলাইত খাৰ্গেক আদালতত হাজিৰ হোৱাৰ বাবে চমনৰ জৰিয়তে নিৰ্দেশনা জাৰি কৰিছে।

লগতে পঢ়ক – ডিব্ৰুগড়ত মোডী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূতি উদযাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply