নিউজ ডেস্কঃ শেহতীয়া ভাৱে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ১২,১৯৩ জন লোকক কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হৈছে।
তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত বৰ্তমান কোভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ৬৭,৫৫৬ জন।
বৰ্তমান কোভিডত প্ৰতিদিনে আক্ৰান্ত হাৰ ৬.১৭% আৰু সপ্তাহিক ভাৱে ৫.২৯% কৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা।
ইফালে, যোৱা ২৪ ঘণ্টাত ১০,৭৬৫ জন লোক কোভিডৰ পৰা নিৰোগী হৈ উঠিছে ।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১,৯৭,৪৭৭ জন লোকক কোভিড পৰীক্ষা কৰাৰ বিপৰীতে মুঠ ৫,৬০২ জন লোকক কোভিড ভেকছিন প্ৰদান কৰা হৈছে।
লগতে পঢ়ক – কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ অংকিতা দত্তক