নিউজ ডেস্কঃ হ্ৰাস পাইছে ভাৰতত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ৬,৬৬০ জন লোকক কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনাই।
তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত বৰ্তমান কোভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ৬৩,৩৮০ জনলৈ হ্ৰাস পাইছে।
বৰ্তমান কোভিডত প্ৰতিদিনে আক্ৰান্ত হাৰ ৩.৫২% আৰু সপ্তাহিক ভাৱে ৫.৪২% কৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা।
ইফালে, যোৱা ২৪ ঘণ্টাত ৯,২১৩ জন লোক কোভিডৰ পৰা আৰোগ্য হৈ উঠিছে ।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১,৮৯,০৮৭ জন লোকক কোভিড পৰীক্ষা কৰাৰ বিপৰীতে মুঠ ৪,৯৪৩ জন লোকক কোভিড ভেকছিন প্ৰদান কৰা হৈছে।
লগতে পঢ়ক – প্ৰতিবাদ অব্যাহত, বিনেশ ফোগাটকে ধৰি ৮ জন মল্লযোদ্ধা উচ্চতম ন্যায়ালয়ত দৰাস্থ