নিউজ ডেস্কঃ এতিয়া নিতৌ হ্ৰাস পাইছে কোভিডত আক্ৰান্ত হোৱা লোক সংখ্যা। যিটোৱে প্ৰমাণ কৰে যে মাজতে হঠাৎ বৃদ্ধি পোৱা কোভিড ৰোগীৰ সংখ্যা এতিয়া নিয়ন্ত্ৰণলৈ আহিছে।

যোৱা ২৪ ঘণ্টাত ৪,২৮২ জন লোকক কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনাই।

তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত বৰ্তমান কোভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ৪৭,২৪৬ জনলৈ হ্ৰাস পাইছে।

বৰ্তমান কোভিডত প্ৰতিদিনে আক্ৰান্ত হাৰ ৪.৯২% আৰু সপ্তাহিক ভাৱে ৪% কৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা।

ইফালে, যোৱা ২৪ ঘণ্টাত ৬,০৩৭ জন লোক কোভিডৰ পৰা আৰোগ্য হৈ উঠিছে ।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৮৮,০৩৮ জন লোকক কোভিড পৰীক্ষা কৰাৰ বিপৰীতে মুঠ ১৭২ জন লোকক কোভিড ভেকছিন প্ৰদান কৰা হৈছে।

লগতে পঢ়ক – সুৰাসক্ত অসম আৰক্ষীৰ ৩০০ জোৱানক প্ৰদান কৰা হ’ব VRS- হিমন্ত বিশ্ব শৰ্মা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply