নিউজ ডেস্ক – সমগ্ৰ বিশ্বতে পুনৰ ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ মাজতে নৱবৰ্ষৰ প্ৰাকক্ষণত আহিছে বেয়া খবৰ। কিয়নো নৱবৰ্ষৰ আৰম্ভণিতে ক’ভিডৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে আৰু সেই অনুসৰি দেশবাসীলৈ সতৰ্ক বাৰ্তাও প্ৰেৰণ কৰা হৈছে। ভাৰতৰ বাবে আগন্তুক ৪০ দিন অত্যন্ত জটিল সময় হ’ব বুলি অনুমান কৰা হৈছে৷ নতুন বছৰৰ জানুৱাৰী মাহৰ পৰাই দেশত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাব বুলি অনুমান কৰিছে ক’ভিড বিশেষজ্ঞসকলে৷

বিশেষজ্ঞসকলৰ অনুমান অনুসৰি দেশত জানুৱাৰীৰ পৰা তীব্ৰ গতিত বৃদ্ধি পাব পাৰে ক’ভিডৰ সংক্ৰমণ৷ বিগত সময়ত দেখা গৈছিল যে পূব এছিয়াত ক’ভিড-১৯ৰ ভয়াৱহতাৰ ৩০-৩৫ দিনৰ পিছত ভাৰতত ক’ভিডৰ নতুন ঢৌ আহিছিল৷

আনহাতে স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কম৷ ভাৰতত ক’ভিডৰ নতুন ঢৌ আহিলে ইয়াৰ ফলত মৃত্যু হাৰৰ লগতে সংক্ৰমিতৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ কম হ’ব বুলি অনুমান কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে৷ উল্লেখ্য যে বিগত দুদিনত ভাৰতলৈ অহা ৬,০০০ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক’ভিড-১৯ পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৩৯ জনৰ দেহত ধৰা পৰিছে ক’ভিড। আনহাতে শনিবাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীৰ কমেও দুই শতাংশ যাত্ৰীৰ ‘ৰেণ্ডম’ ক’ভিড টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে।

দেশত পুনৰ ক’ভিডে যাতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ৰাজ্য চৰকাৰসমূহলৈ পত্ৰৰ জৰিয়তে ক’ভিড পৰিস্থিতি নিৰীক্ষণৰ নিৰ্দেশ দিছে চৰকাৰে৷ আনহাতে দেশৰ জনতাক ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ লগতে ক’ভিড নীতি মানি চলিবলৈ আহ্বান জনাইছে চৰকাৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply