গুৱাহাটী : অম্বুবাচী মেলালৈ অহা ভক্তৰ দেহত ক’ভিড। মহাৰাষ্ট্ৰৰ পৰা অহা এজন ভক্তৰ দেশত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। মন্দিৰ প্ৰাংগণৰ ক’ভিড টেষ্ট চেণ্টাৰত ভক্তজনৰ ক’ভিড টেষ্ট কৰাত ভক্তজনৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ক’ভিডত আক্রান্ত ভক্তজনক।

মহানগৰীৰ নিলাচল পাহাৰত অৱস্থিত শক্তিপীঠ মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলাকলৈ উখল মাখল পৰিৱেশ। অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা মন্দিৰলৈ আহিছে হাজাৰ হাজাৰ সাধু-সন্যাসীৰ লগতে ভক্ত। দেশ-বিদেশৰ সাধু-সন্যাসী আৰু ভক্ত সকলে মাৰ আশীষ ল’বলৈ ভিৰ কৰিছে কামাখ্যা মন্দিৰৰ প্ৰাংগণত।

অম্বুবাচী মেলা উপলক্ষে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা শক্তিপীঠ মা কামাখ্যা মন্দিৰ মহাৰাষ্ট্ৰৰ পৰা অহা এজন ভক্তৰ দেহত ক’ভিড ধৰা পৰিছে। ক’ভিডত আক্রান্ত ভক্তজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান ভক্তজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক – প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

উল্লেখ্য যে বুধবাৰৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত আৰম্ভ হৈছে অম্বুবাচী মেলা। কামাখ্যা মন্দিৰৰ আখৰা গৃহত আশ্ৰয় লৈছে দুই শতাধিকৰো অধিক সাধু-সন্ন্যাসীয়ে। বিগত ২ বছৰৰ পিছত অনুষ্ঠিত হোৱা অম্বুবাচী মেলাকলৈ উৎফুল্লিত হৈ পৰিছে ভক্ত সকলৰ লগতে সাধু-সন্যাসী আৰু বাবা সকল। ২৬ জুনত পুৱা ৮ বাজি ৪১ মিনিট ৫৮ ছেকেণ্ড কামাখ্যা মন্দিৰ ভক্ত সকলৰ বাবে মুকলি কৰি দিয়া হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply