নিউজ ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশৰ কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াৰে ভিতৰত আছে সমকামী বিবাহৰ শুনানি গ্ৰহণ কৰি থকা ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট।

সমকামী বিবাহৰ গোচৰটো প্ৰথম শুনানি ২৮ এপ্ৰিল অৰ্থাৎ সোমবাৰে অনুষ্ঠিত কৰা কথা আছিল। কিন্তু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটৰ কৰোনা প’জিটিভ হোৱাৰ পিছত সমকামী বিবাবহৰ আন ৪ গৰাকী সাংবিধানিক বিচাৰপীঠে নিজকে বৰ্তমান কোৱাৰিনটাইন কৰিছে। যাৰ ফলত গোচৰটোৰ প্ৰথম শুনানি দিন পিছুৱাই দিয়া হৈছে। পৰৱৰ্তী শুনানি দিন বৰ্তমান লৈকে  কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটৰ উপৰিও ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ অনিৰুদ্ধ বসু, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰাৰ কৰোনা প্ৰতিবেদনত কোভিড প’জিটিভ হিচাপে চিনাক্ত হৈছে।  

আনহাতে, সমকামী বিবাবহৰ সাংবিধানিক বিচাৰপীঠ সকল হৈছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ এছ কে কৌল, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ হিমা কোহলী।

লগতে পঢ়ক – প্ৰসংগ সমকামী বিবাহ: বিবাহৰ বাবে পৃথক লিংগৰ প্ৰয়োজন নেকি?- উচ্চতম ন্যায়ালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply