বিশ্বৰ বিভিন্ন প্ৰান্তত কোভিডে পুনৰ গা কৰি উঠাৰ মাজতেই আন এক খবৰে সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ চীনত ইতিমধ্যেই পৰিস্থিতিৰ অৱনতি ঘটাৰ পাছতো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে চীনৰ পৰ্যটন স্থলী। ইয়াৰ ওপৰিও আৰম্ভ কৰা হ’ব বিমান সেৱা। তেনেস্থলত নতুন বছৰটোত কোভিডে যে পুনৰ গা কৰি উঠিব সেইয়া নিশ্চিত ।

আনহাতে, ভাৰততো কোভিডৰ পূৰ্বৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সুকীয়া বৈঠক। তাৰ মাজতেই তাজ মহল চাবলৈ অহা এগৰাকী বিদেশী পৰ্যটকৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰাৰে পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে পৰ্যটক গৰাকী।

আৰ্জেন্টিনাৰ পৰা অহা পৰ্যটকগৰাকীৰ শৰীৰত ডিছেম্বৰৰ ২৬ তাৰিখে ধৰা পৰিছিল কোভিডৰ উপস্থিতি। আগ্ৰাৰ তাজ মহল দৰ্শনৰ পূৰ্বে দৰ্শকে কৰোৱাব লাগে কোভিড পৰীক্ষা। তেতিয়াই পৰ্যটক গৰাকীৰ শৰীৰত কোভিড ধৰা পৰে আৰু পাছত তেখেতক তাজ মহল দৰ্শনৰ অনুমতি দিয়া হোৱা নাছিল। আনহাতে, তেখেতৰ যোগাযোগৰ নম্বৰ লৈ তেখেতক উভতাই পঠিওৱা হৈছিল যদিও ইচ্ছাকৃত ভাৱে ভুল নম্বৰ দাখিল কৰাৰ বাবে পৰ্যটক গৰাকীক বিচাৰি পোৱাটো অসম্ভৱ হৈ উঠিছে প্ৰশাসনৰ বাবে। বৰ্তমান স্থানীয় আৰক্ষীৰ সহযোগত ওচৰ পাজৰৰ হোটেল সমূহত অনুসন্ধান অব্যাহত ৰাখিছে দিল্লীৰ স্বাস্থ্য বিভাগে।

উল্লেখ্য যে,  ডিছেম্বৰৰ ২৫ তাৰিখেও আগ্ৰাস্থিত তাজ মহলত ধৰা পৰিছিল কোভিড পজিটিভ পৰ্যটক। ব্যক্তি গৰাকীয়ে ২৩ ডিচেম্বৰত চীনৰ পৰা উভতি অহাৰ পিছত ২৫ তাৰিখে তাজ মহল ভ্ৰমণলৈ গৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,735 other subscribers

Leave a comment

Leave a Reply Cancel reply