নিউজ ডেস্ক: হ্ৰাস পাইছে ভাৰতত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ৫,৮৭৪ জন লোকক কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনাই।

তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত বৰ্তমান কোভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ৪৯,০১৫ জনলৈ হ্ৰাস পাইছে।

বৰ্তমান কোভিডত প্ৰতিদিনে আক্ৰান্ত হাৰ ৩.৩১% আৰু সপ্তাহিক ভাৱে ৪.২৫% কৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা।

ইফালে, যোৱা ২৪ ঘণ্টাত ৮,১৪৮ জন লোক কোভিডৰ পৰা আৰোগ্য হৈ উঠিছে ।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১,৭৭,২৮১ জন লোকক কোভিড পৰীক্ষা কৰাৰ বিপৰীতে মুঠ ৪,৯৪৩ জন লোকক কোভিড ভেকছিন প্ৰদান কৰা হৈছে।

লগতে পঢ়ক – “বন অধিকাৰ আইন ২০০৬” ৰ অধীনত ৬৩২ পৰিয়ালক ভূমি পাট্টা প্ৰদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply