নিউজ ডেস্ক: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১১,৬৯২ জন লোকক কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হৈছে।
তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত সৰ্বমুঠ বৰ্তমান ৬৬,১৭০ জন লোকক কোভিডত আক্ৰান্ত হৈ আছে।
মন্ত্ৰালয়টোৱে জনোৱা অনুসৰি, কোভিড প্ৰতিদিনে আক্ৰান্ত হাৰ অনুসৰি ৫.০৯% আৰু সপ্তাহিক ভাৱে ৫.৩৩% কৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা।
ইফালে, শেহতীয়া ২৪ ঘণ্টাত ১০,৭৮০ জন লোক কোভিডৰ পৰা নিৰোগী হৈ উঠিছে ।
স্বাস্থ্য মন্ত্ৰালয়টোৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ২,২৯,৭৩৯ টা কোভিড পৰীক্ষা কৰাৰ বিপৰীতে সমগ্ৰ ভাৰতত মুঠ ৩,৬৪৭ জন লোকক কোভিড ভেকছিন প্ৰদান কৰা হয়।
লগতে পঢ়ক – প্ৰসংগ সমকামী বিবাহ: বিবাহৰ বাবে পৃথক লিংগৰ প্ৰয়োজন নেকি?- উচ্চতম ন্যায়ালয়