যোৰহাট : যোৰহাটত এজন গৰু চোৰ উঠিল ঘৰৰ চালত। আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে ঘৰৰ চালৰ পৰা চোৰজনক নামিবলৈ অনুনয় বিনয় জনাই বিফল। এই ঘটনা বুধবাৰে সংঘটিত হয় যোৰহাটৰ ৰয়েল ৰোডৰ।

বুধবাৰে যোৰহাটৰ ৰয়েল ৰোডত এজন গৰু চোৰে জলাকলা খুৱালে আৰক্ষীক। গৰু চোৰক আৰক্ষীয়ে আটক কৰিবলৈ যাওঁতে গৰু চোৰজন ঘৰৰ চালৰ ওপৰত উঠি আৰক্ষীক জলাকলা খুৱায়।

ৰয়েল ৰোডৰ পেটুৱা নামৰ এজন গৰু চোৰে পোন্ধৰ দিন মান পূৰ্বে ৰজামৈডামৰ এজন লোকৰ ঘৰৰ পৰা চুৰ কৰি আনিছিল এটা গৰু। অৱশেষত গৃহস্থই গৰুৰ সম্ভেদ পাই গৰু চোৰৰ ঘৰত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী গৰু চোৰৰ ঘৰত উপস্থিত হোৱাত গৰু চোৰজনে হাতত দা লৈ ঘৰৰ চালত উঠে। আৰক্ষীয়ে গৰু চোৰজনক চালৰ পৰা নামিবলৈ অনুনয় বিনয় কৰে যদিও গৰু চোৰজন চালৰ পৰা নামি নাহে।

লগতে পঢ়ক –  টীয়কৰ ভগামুখত পিষ্টল সহ আটক এজন

গৰু চোৰজনে চালৰ পৰা নমাৰ সলনি আইনৰ পাঠ পঢ়ুৱালে আৰক্ষীক। অৱশেষত আৰক্ষী বিফল হৈ গৰু চোৰজনৰ পৰা আইনৰ পাঠ শুনি ঘটনাস্থলী ত্যাগ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply