গুৱাহাটী : ৫ মে’ৰ পৰা ১২ মে’লৈ চি পি আইৰ সপ্তাহজোৰা আন্দোলন। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যনিয়ন্ত্ৰণ ব্যৱস্থা পুনৰ গ্ৰহণ আৰু অনলাইন ম’ভিং ফাৰ্মাচীৰ কৰ্তৃত্ব আম্বানীক দিয়া বন্ধ কৰাৰ দাবীত চি পি আই, অসম ৰাজ্য পৰিষদৰ আহ্বানত স্মপ্তাহজোৰা আন্দোলন কাৰ্যসূচী।
চি পি আই, অসম ৰাজ্য পৰিষদৰ আহ্বানত ৫ মে’ৰ পৰা ১২ মে’লৈকে সপ্তাহজোৰা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যনিয়ন্ত্ৰণ ব্যৱস্থা পুনৰ গ্ৰহণ আৰু অনলাইন ম’ভিং ফাৰ্মাচীৰ কৰ্তৃত্ব আম্বানীক দিয়া বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰথম দিনা মহানগৰীৰ গুৱাহাটী ক্লাবত চি পি আইৰ কৰ্মকর্তা সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰ’ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰক, বিজেপি চৰকাৰ মূর্দাবাদ আদি শ্ল’গানেৰে গুৱাহাটী ক্লাবৰ ৰাজপথ উত্তাল কৰি তোলে।
লগতে পঢ়ক – ব্ৰাজিলত বধিৰ অলিম্পিকত অংশ ল’বলৈ ৰাঁওনা হোৱা অভিনন্দন গোস্বামীলৈ জামুগুৰিহাটবাসীৰ অভিনন্দন
প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰখন সম্পূৰ্ণ বিফল হোৱা বুলি মন্তব্য কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। ৰাজ্যৰ সকলো জিলাতে চি পি আইৰ আহ্বানত পুৱা ১১ বজাৰ পৰা ২ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।