বৰপেটা : বৰপেটাত চি পি আই (এম) ৰ উত্তাল প্ৰতিবাদ। বৰপেটা উন্নয়ন খণ্ড কাৰ্যলয়ৰ চৌহদ উত্তাল কৰি তোলে চি পি আই (এম)ৰ প্ৰতিবাদকাৰী সকলে। কেইবাটাও দাবী লৈ বুধবাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে বৰপেটা জিলাটো প্ৰতিবাদ সাব্যস্ত কৰে চি পি আই (এম)।

ৰাজ্যৰ প্ৰলয়নকাৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা কেইবা শতাধিক পৰিয়ালৰ সহযোগত চি পি আই (এম)য়ে বুধবাৰে বৰপেটাত এক প্ৰতিবাদী সমদল উলিয়াই। সমদল কৰি বৰপেটা উন্নয়ন খণ্ড কাৰ্যলয়ত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলে বৰপেটা উন্নয়ন খণ্ড কাৰ্যলয়ৰ চৌহদ উত্তাল কৰি তোলে।

লগতে পঢ়ক –  Assam Flood : এতিয়াও জলমগ্ন হৈ আছে ৰাজ্যৰ ১২ টা ৰাজহ চক্ৰৰ ৬৪২ খন গাঁও

অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, বানত ক্ষতিগ্ৰস্ত পৰিয়াল কেইয়াক ৩ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া, ক্ষতিগ্ৰস্ত পৰিয়ালক মাহিলী ৭,৫০০ টকাকৈ ছয় মাহ পৰ্যন্ত দিয়াৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত চি পি আই (এম)য়ে এই প্ৰতিবাদ সাব্যস্ত কৰে। চি পি আই (এম)ৰ বৰপেটা জিলা সমিতিয়ে কেওঁটকুছিৰ পৰা বৰপেটা উন্নয়ন খণ্ড কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply