নিউজ ডেস্ক: ৰাজ্যত অব্যাহত আছে নকল সোণৰ বিৰুদ্ধে অভিযান। SI জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল নকল সোণৰ ব্যৱসায়ৰ তথ্য। যাৰ বাবে লখিমপুৰৰ বঙালমৰাকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে নকল সোণৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ জনসংযোগ শাখাই জনোৱা তথ্য অনুসৰি ১৫ মে’ৰ পৰা বৰ্তমান পৰ্যন্ত অসম আৰক্ষীয়ে মুঠ ১৬০ জনক নকল সোণৰ ব্যৱসায়ী তথা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে গুৱাহাটী মহানগৰীৰ ৩ জন, কামৰূপৰ ৬ জন, বৰপেটাৰ ৪ জন, নগাঁৱৰ ৮ জন, শোণিতপুৰৰ ৪৫ জন, দৰঙৰ ১ জন, লখিমপুৰৰ ৬৩ জন, গোলাঘাটৰ ২ জন, মৰিগাঁৱৰ ১১ জন, বঙাইগাঁৱৰ ২ জন, চিৰাঙৰ ১ জন, বিশ্বনাথ চাৰিআলিৰ ১০ জন, হোজাইত ৩ জন আৰু তামুলপুৰৰ ১ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

অসম আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই ব্যৱসায়ৰ লগত জড়িত চক্ৰটোক সম্পূৰ্ণ উৎখাত নকৰাৰ পৰ্যন্ত অভিযান অব্যাহত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply