নিউজ ডেস্ক: শিক্ষামন্ত্ৰীৰ ঘোষণা মৰ্মে ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰাদেশিকীকৰণ কৰা ৪২২খন চাহ বাগিচা পৰিচালিত নিম্ন প্রাথমিক, উচ্চ প্ৰাথমিক আৰু হাইস্কুল পর্যায়ত ৮৫০টা শিক্ষকৰ পদ সৃষ্টি হৈছে। শিক্ষা বিভাগে প্ৰকাশ কৰা এক জাননীৰ জৰিয়তে জনায় যে চৰাইদেউ, তিনিচুকীয়া, বাক্সা, দৰং, কাৰ্বি আংলং, কোকৰাঝাৰ, নগাঁও আৰু বিশ্বনাথৰ বিভিন্ন চাহ বাগিচাত থকা বিদ্যালয়সমূহত শিক্ষকক নিযুক্তি দিয়া হ’ব।

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্রকাশ কৰা অনুসৰি চৰাইদেউ জিলাত ৬গৰাকী, তিনিচুকীয়া জিলাত ২৪৬গৰাকী, বাক্সা জিলাত ১২ গৰাকী, দৰং জিলাত ৪গৰাকী, কাৰ্বি আংলঙত ৮গৰাকী, কোকৰাঝাৰ জিলাত ৬গৰাকী, নগাঁও জিলাত ৬২ গৰাকী আৰু বিশ্বনাথ জিলাত ৭৮ গৰাকীক নিম্ন প্রাথমিক, উচ্চ প্ৰাথমিক আৰু হাইস্কুলত নিযুক্তি প্রদান কৰা হ’ব।

সেই অনুসৰি হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদ এটা, হাইস্কুলৰ স্নাতক শিক্ষকৰ পদ পাঁচটা, নিম্ন প্রাথমিকত ৮৩৮টা, উচ্চ প্রাথমিকত ৪টা আৰু দুগৰাকী বিজ্ঞান শিক্ষকসহ মুঠ ৮৫০জন শিক্ষকক নিযুক্তি দিয়া হ’ব।

ইতিমধ্যে এই সন্দৰ্ভত শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে পদসমূহৰ বিত্তীয় অনুমোদনৰ বাবে মহাগাণনিকলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰ জৰিয়তে চাহ বাগিচাৰ দ্বাৰা পৰিচালিত ৪২২খন বিদ্যালয়ক প্ৰাদেশিকীকৰণ কৰিছিল। এই প্ৰাদেশিকীকৰণৰ ফলত চাহ বাগিচাৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন, ইউনিফৰ্ম আৰু বিনামূলীয়া পাঠ্যপুথি ছাত্র-ছাত্রীসকলক প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply