নিউজ ডেস্ক: গুৱাহাটীত ক্ৰীয়া সন্থাই অহা ৯ জুলাইৰ পৰা ২৬ জুলাইলৈ ১৮ দিনীয়া ক্ৰিকেটৰ গীষ্মকালীন শিবিৰ আয়োজন কৰিছে । গুৱাহাটী ক্ৰীয়া সন্থাই লৰা আৰু ছোৱালী দুয়োৰে বাবে এই শিবিৰৰ ব্যৱস্থা কৰিছে । অসম ক্রিকেট সন্থাৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই শিবিৰটো জজ খেল পথাৰত অনুষ্ঠিত হ’ব।
প্ৰশিক্ষক অভিজিৎ কৌশিকে এই প্রশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিব । সকলো এ ডিভিজন ক্রিকেট ক্লাবক ১৬ বছৰ আৰু ১৯ বছৰ অনুধৰ্ব তিনিগৰাকীকৈ খেলুৱৈ প্ৰেৰণ কৰিবলৈ আৰু বি ডিভিজন ক্রিকেট ক্লাবক উক্ত বয়স গ্ৰুপৰ দুগৰাকীকৈ খেলুৱৈ প্ৰেৰণ কৰিবলৈ আয়োজক সন্থাটোৱে জনাইছে।
খেলুৱৈসকলে ৭ জুলাইৰ পূৰ্বে গুৱাহাটী ক্রীড়া সন্থাৰ কাৰ্যালয়ত প্রয়োজনীয় তথ্য জমা দিব লাগিব। লগতে আগ্রহীসকলে ৯৮৬৪০ ৯৭৭৮৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।
লগতে পঢ়ক: অগাধ সম্পত্তিৰ অধিকাৰী প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,দাবী RTI কৰ্মীৰ