দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্ট। দিল্লী-ডেৰাডুন পথৰ গুৰুকুল নাৰসন পথত সংঘটিত হয় এই দুৰ্ঘটনা। এই সময়ত তেওঁ দিল্লীৰ পৰা নিজ ঘৰ অভিমুখে যাত্ৰা কৰি আছিল। দুৰ্ঘটনাৰ সময়ত তেওঁ গাড়ীত অকলে আছিল বুলি জানিব পৰা গৈছে।

ডিভাইডাৰত খুন্দা মৰাৰ ফলত সংঘটিত হোৱা এই দুৰ্ঘটনাত ভস্মীভূত হয় পন্টৰ বাহন খন। গুৰুতৰভাৱে আহত পন্টক ততাতৈয়াকৈ চিকিৎসালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকৰ মতে ভৰি আৰু মূৰত গুৰুত্বৰভাৱে আঘাত পাইছে ক্ৰিকেটাৰগৰাকীয়ে।

আঘাতৰ বাবে পন্টৰ শৰীৰৰ কিছু অংশত প্লাষ্টিক চাৰ্জাৰী কৰোৱা হ’ব। বৰ্তমান তেওঁৰ চিকিৎসা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চলি আছে। দুৰ্ঘটনাৰ পাছত ১০৮ সেৱাৰ জৰিয়তে পন্টক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply