গুৱাহাটী : গুৱাহাটীত কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ। ১৯৮৩ ৰ ক্ৰিকেট বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য সুনীল গাভাস্কাৰ গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত। টপচেম চিমেন্টৰ ব্ৰেড এম্বেচাদৰ হিচাপে ৰেডিচন ব্লু’ত অনুষ্ঠিত এক অনুষ্ঠানত কিংবদন্তি ক্ৰিকেটাৰ গৰাকী অংশগ্ৰহণ কৰে।

হোটেল ৰেডিচন ব্লু’ত কোম্পানীটোৱে আয়োজন কৰা এক সংবাদমেলত অংশগ্ৰহণ কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী। ৰেডিচন ব্লু’ হোটেলত টপচেম চিমেন্টে হাতত লোৱা ‘সমৃদ্ধি আঁচনিৰ’ শুভাৰম্ভ কৰে সুনীল গাভাস্কাৰে। আঁচনি শুভাৰম্ভণিৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰে কিংবদন্তি ক্ৰিকেটাৰ গৰাকীয়ে।

সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে। হাৰ্ডিক পাণ্ডিয়াই ভাৰতীয় ক্ৰিকেট দলত নতুন সম্ভাৱনা আনিছে বুলি কয় প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে। ৰোহিত শৰ্মাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হোৱাৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈ হাৰ্ডিক বুলিও কয় সুনীল গাভাস্কাৰে।

লগতে পঢ়ক –  ভয়ংকৰ পথ দুর্ঘটনাত নিহত তিৱা ছাত্ৰ নেতা

অসমৰ ৰিয়ান পৰাগ এগৰাকী ভাল খেলুৱৈ আৰু সম্ভাৱনাপূৰ্ণ ক্ৰিকেটা বুলি কয় সুনীল গাভাস্কাৰে। টপচেম চিমেন্টে অসমত ক্ৰিকেটৰ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিলে অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে। অসমত অধিক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব লাগে বুলিও উল্লেখ কৰে কিংবদন্তি ক্ৰিকেটাৰ গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply