গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সন্ধনহীন হোৱা শিশুটিৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া অগ্ৰগতি লাভ কৰা বুলি অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে। অপৰাধ নিয়ন্ত্ৰণ শাখাই প্ৰকাশ কৰিছে এগৰাকী মহিলাৰ ফটো।

কিছুদিন পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছিল এক ৰহস্যজনক ঘটনা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সন্ধানহী হৈছিল এটি শিশু। শিশুটি চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

প্ৰিয়ম কলিতা নামৰ ৮ মহীয়া শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাৰ পৰা সন্ধনহীন হৈছিল। হাস্পতালৰ চি চি টিভি কেমেৰাত শিশুটিক এগৰাকী মহিলাই লৈ যোৱাৰ দৃশ্য ধৰা পৰিছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও কোনো ধৰণৰ সফলতা লাভ কৰিব পৰা নাই।

লগতে পঢ়ক – মহানগৰীৰ বশিষ্টত তীব্ৰবেগী ট্ৰাকে মহতিয়ালে স্কুটী আৰোহীক

অৱশেষত ৰাইজৰ সহায় বিচাৰি অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই শিশুটিক লৈ যোৱা মহিলা গৰাকীৰ ফটো প্ৰকাশ কৰিছে। অপৰাধ নিয়ন্ত্ৰণ শাখাই তদন্তৰ বাবে কোনো ধৰণৰ বিশেষ মন্তব্য প্ৰকাশ কৰা নাই যদিও মহিলা গৰাকী নালবাৰী অথবা বৰপেটা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে তদন্তত আৰক্ষীয়ে বহু অগ্ৰগতি লাভ কৰা বুলিও প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply