নিউজ ডেস্ক- আজি শিলচৰৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়ংকৰ ঘটনা সংঘটিত হয়। দুজন আজীৱন কাৰাবাস খাটি থকা অপৰাধীয়ে কেন্দ্ৰীয় কাৰাগাৰৰ পলায়ন কৰে।
জানিব পৰা মতে, শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত আজীৱন কাৰাদণ্ডৰ শাস্তি ভুগি থকা দুজন হত্যাৰ অপৰাধীয়ে কাৰাগাৰৰ ভিতৰৰ শৌচালয়ৰ মাজেৰে এটা সুৰংগ খনন কৰি পলাই যাবলৈ সক্ষম হয়।
তথ্য অনুসৰি, অপৰাধী দুজন ক্ৰমে হিফজুৰ ৰহমান আৰু দীপ নুনিয়া। তেওঁলোক দুয়োজন বৰাক উপত্যকা অঞ্চলৰ আছিল।
ইতিমধ্যে কাছাৰ জিলাৰ শিলচৰ আৰক্ষীয়ে অপৰাধী দুয়োজনক বিচাৰি অভিযান আৰম্ভ কৰিছে।