মানকাচৰ : ৰঙালী বিহু উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা। মানকাচৰৰ হাটশিঙিমাৰীত ৰঙালী বিহু উপলক্ষে বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা। পৰম্পৰাগত লাঠী খেলও প্ৰদৰ্শন কৰা হয় এই সাংস্কৃতিক শোভাযাত্ৰাত।
দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিহু সন্মিলনীৰ উদ্যোগত শনিবাৰে হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক খেল পথাৰত ৰঙালী বিহু উদযাপন। দিনজোৰা কাৰ্যসূচীৰে চলি থকা এই ৰঙালী বিহু উদযাপনৰ বাবে পুৱা ৯ বজাত জিলা বিহু সন্মিলনীৰ পতাকা উত্তোলন কৰা হয়।
ইয়াৰ পিছতে পুৱা ১১ বজাত হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰৰ পৰা খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক খেল পথাৰলৈ এখন বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন কলা কৃষ্টিৰে উলিওৱা এই শোভাযাত্ৰাত পৰম্পৰাগত লাঠী খেলও প্ৰদৰ্শন কৰা হয়।
ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ৪ বজাত বঁটা বিতৰণৰ পিছতে বিয়লি ৫ বজাত মুকলি বিহু অনুষ্ঠিত হ’ব। মুকলি বিহুত অসমৰ বিভিন্ন জিলাৰ পৰা চাকৰি সূত্ৰে অহা টেট শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে গুৱাহাটীৰ পৰা হুঁচৰিৰ দল এটাই হুঁচৰি গাব।
লগতে পঢ়ক – এটিএমৰ ওপৰত এক লাখ টকা পাই থানাত জমা দিলে লেপ তুলি বনোৱা মহম্মদ ৰাজুৱে
সন্ধিয়া ৭ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব। এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট কণ্ঠশিল্পী চন্দন দাস আৰু ডিম্পি সোনোৱাল সংগীত পৰিবেশন কৰিব।