নিউজ ডেস্ক– অচিৰেই বিবাহপাশত আবদ্ধ হ’ব বলীউদ অভিনেত্ৰী মৌনি ৰায়। দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক চলি থকা ডুবাইৰ বাসিন্দা সূৰজ নাম্বিয়াৰ সৈতে বিয়াত বহিব অভিনেত্ৰীগৰাকীয়ে। সূৰজ নাম্বিয়া পেছাত এজন বেংকৰ কৰ্মচাৰী।
লকডাউনৰ সময়ছোৱাত মৌনিয়ে নিজৰ ভগ্নীৰ সৈতে ডুবাইত সময় অতিবাহিত কৰিছিল। তেতিয়াই সূৰজ নাম্বিয়াৰ সৈতে মৌনি ৰায়ৰ সম্পৰ্ক গভীৰ হৈ উঠে।

কেৰিয়াৰৰ আৰম্ভণিৰ পৰাই সূৰজে মৌনিক সকলো ধৰণৰ সহায় কৰি আহিছে। প্ৰথমাৱস্থাত দুয়ো ভাল বন্ধু আৰু পিছলৈ দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এই সম্পৰ্কৰ বিষয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে মৌনিয়ে অৱগত কৰে। সূৰজ নাম্বিয়া আৰু তেওঁৰ পৰিয়ালৰ সৈতেও মৌনিয়ে ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰে।

এই বছৰতেই সূৰজ নাম্বিয়াৰ সৈতে বিয়াত বহিব অভিনেত্ৰী গৰাকী। পিছে বিয়াৰ দিনৰ কথা এতিয়ালৈকে ঘোষণা কৰা নাই অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ বিয়াৰ খবৰ শুনি এতিয়া অন্তৰ ভাঙিছে বহুজনৰ।