নিউজ ডেস্ক- যিকোনো সময়তে সমালোচনাৰে ছ’চিয়েল মিডিয়াৰ শীৰ্ষত থকা বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে গীতিকাৰ জাভেড আখতাৰে। অভিনেত্ৰী গৰাকীয়ে টেলিভিছনৰ এক সাক্ষাৎকাৰত জাভেদ আখতাৰৰ ব্যক্তিত্বক আঘাত হনাৰ অভিযোগ উত্থাপিত হৈছে।

যোৱা বছৰৰ নৱেম্বৰ মাহতে অন্ধেৰী আদালতত জাভেদ আখতাৰে অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে এই সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা চলাই ১৭ জানুৱাৰীত ৰিপৰ্ট দাখিলৰ নিৰ্দেশ প্ৰদান কৰে। ১ ফেব্ৰুুৱাৰীলৈকে এই তদন্তৰ সময় সীমা নিৰ্ধাৰণ কৰে আৰক্ষীয়ে।

২২জানুৱাৰীত মুম্বাই আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply