গুৱাহাটী– বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল অসমীয়া অ’টিটি প্লেটফৰ্ম ”ৰীলড্ৰামা”। ২২ জানুৱাৰীৰ পৰা বিভিন্ন মনোৰঞ্জনমূলক চিত্ৰসম্ভাৰেৰে উপলব্ধ হ’ব এই ”ৰীলড্ৰামা”। গুৱাহাটীত আয়োজিত এক আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমীয়া ছবিজগতৰ বহুকেইগৰাকী তাৰকা।

এই অনবদ্য ব্যৱস্থা মুকলি কৰি ৰীলড্ৰামাৰ সঞ্চালক সুমিত দাসগুপ্তাই কয়, “ৰীলড্ৰামাই অসমৰ সংস্কৃতিক আপোনাৰ ঘৰলৈ, আপোনাৰ কাষলৈ লৈ আহিব। ইয়াত থাকিব বিভিন্ন কাহিনী, শ্ব’, সংগীতানুষ্ঠান আৰু বাৰ্তালাপ, যিয়ে সামৰি ল’ব কলা, সংস্কৃতি, ইতিহাস, সাহিত্য, লোককৃষ্টি আৰু অসমীয়া চিনেমা। মুঠতে ৰীলড্ৰামাই সকলোধৰণৰ দৰ্শকৰে প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হ’ব।”

অসমীয়া অ’টিটি প্লেটফৰ্ম ‘ৰীলড্ৰামা’

ৰীলড্ৰামাত শিশুৰ বাবেও উপলব্ধ হ’ব সাধু কথাৰ ছিৰিজ। লগতে উপলব্ধ হ’ব সমসাময়িক বিভিন্ন চলচ্চিত্ৰ, পুৰণি ধ্ৰুপদী ছবি আৰু বিভিন্ন পুৰস্কাৰ বিজয়ী ছবি। ইয়াৰ উপৰিও অনলাইন যোগে অসমীয়া পৰিচালক তথা অভিনেতা অনুপম কৌশিক বৰাৰ ”Acting masterclass”য়ো ল’ব পাৰিব।

দৰ্শকে প্লেটফৰ্মটোত সংগীত, কমেডী, পয়েট্ৰি, কুকেৰি আৰু আধ্যাত্মিক সকলো ধৰণৰ অনুষ্ঠান এই প্লেট ফৰ্মযোগে উপভোগ কৰিবলৈ পাৰিব।

আনকি এই প্লেটফৰ্মযোগে ছবি নিৰ্মাণ বা হিন্দুস্থানী ক্লাছিকেল সংগীতৰ প্ৰশিক্ষণো ল’ব পাৰিব নিজৰ ভাষাতে। অনাগত সময়ছোৱাত আন ন ন শৈক্ষিক শৃংখলাও ইয়াত সংযোজন ঘটোৱা হ’ব বুলি জনাইছে সঞ্চালক দাসগুপ্তাই।

ফালে আনএগৰাকী সঞ্চালিকা কুহেলী দাসগুপ্তাই কয়, “সদায়েই অসমীয়া দৰ্শকসকলে ভাল ছবি চাবলৈ ৰৈ থাকে আৰু ইয়াৰ বাবে তেওঁলোকে সদায়েই চিত্ৰগৃহলৈহে যাবলগীয়া হয়। এতিয়াৰে পৰা তেওঁলোকৰ এই প্ৰয়োজনীয়তা দূৰ কৰিব ৰীলড্ৰামাই।”

উল্লেখ্য যে দৰ্শকসকলে ৰীলড্ৰামাৰ ৱেবছাইচট www.reeldrama.com লৈ গৈ অথবা গুগল প্লেষ্টোৰ আৰু এপল এপ্পষ্টোৰলৈ গৈও ডাউনলোড কৰিব পাৰে। শীঘ্ৰেই ৰীলড্ৰামা এপ্প এপল টিভি, এণ্ড্ৰয়ড টিভি, এমেজন ফায়াৰষ্টিক আৰু ৰোকুতো উপলব্ধ হ’ব। তদুপৰি ৰীলড্ৰামা বিশ্বৰ ১৩৩ খন দেশতো উপলব্ধ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply