নিউজ ডেস্ক– অস্কাৰৰ দৌৰত বিদ্যা বালানৰ শ্বৰ্ট ফিল্ম ‘নটখট’। শান ব্যাস পৰিচালিত ৩৩ মিনিটৰ এই শ্বৰ্ট ফিল্মখনৰ ৰনি স্ক্ৰুৱালাৰ সৈতে যৌথ প্ৰযোজনাত আছে অভিনেত্ৰী বিদ্যা বালানো। ছবিখনত পুত্ৰ ছনুক লিংগ বৈষম্যৰ গুৰুত্ব বুজাইছে বিদ্যা বালানৰ চৰিত্ৰটোৱে। শনিবাৰে প্ৰযোজনা সংস্থা RSVPৰ ফালৰ পৰা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ এটা টুইট শ্বেয়াৰ কৰা হয়।
Yoohoo Thank you so much @priyankachopra ♥️❣️ https://t.co/wiVZSa5clM
— vidya balan (@vidya_balan) January 15, 2021
টুইটটোত প্ৰিয়ংকাই অস্কাৰৰ দৌৰত চামিল হোৱা বাবে ‘নটখট’ৰ টীমক অভিনন্দন জনাইছে। প্ৰিয়ংকাৰ এই টুইট শ্বেয়াৰ কৰি নিজৰ আনন্দ প্ৰকাশ কৰিছে বিদ্যা বালানে। ‘নটখট’ৰ বাহিৰেও চূড়ান্ত মনোনয়নৰ বাবে দৌৰত আছে ভাৰতৰ আৰু দুখন শ্বৰ্ট ফিল্ম।
ইয়াৰে এখন হৈছে কিথ গোমছ পৰিচালিত ‘ছেইমলেছ’ আৰু আনখন তুষাৰ ত্যাগী পৰিচালিত ‘ছেভিং চিন্টু’।
বিদ্যা বালানৰ ‘নটখট’ ছবিখনে ইতিমধ্যে য়ুটিউবৰ ‘উই আৰ ওৱান: এ গ্ল’বেল ফিল্ম ফেষ্টিভেল’ত প্ৰশংসা লাভ কৰিছে।