গুৱাহাটী- দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত অৱশেষত বিয়াত বহিব অসমীয়া সংগীত জগতৰ জনপ্ৰিয় গায়ক নীল আকাশ। জীৱন সংগীনী মাৰ্ঘেৰিটাৰ নেনচি ফুকন। দুয়োৰে মাজত চলি আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক।

জানিব পৰা মতে, নেনচি এগৰাকী অধিবক্তা। অহা ২৮ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ’ব দুয়ো। যোৱা সময়চোৱাত দুয়োকে একেলগে বহুবাৰেই দেখা পাইছে |

পিছে নীল আকাশে বিবাহৰ খবৰ আনুষ্ঠানিক ভাৱে একো জনোৱা নাই যদিও ছ’চিয়েল মিডিয়াত ইতিমধ্য়ে বিয়পি পৰিছে এই খবৰ।