কংগনা হ'ব ইন্দিৰা গান্ধী

নিউজ ডেস্ক- ইন্দিৰা গান্ধীৰ নাম ভূমিকাত এইবাৰ অভিনয় কৰিব কংগনা ৰাণাউটে। ৰাজনীতিৰ পৃষ্ঠভূমিত পুনৰ নিৰ্মান হ’ব এখন চিনেমা। মূখ্য চৰিত্ৰত অভিনয় কৰিব কংগনা ৰানাৱটে। দেশৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব বহুচৰ্চিত আৰু বিতৰ্কিত অভিনেত্ৰীজনীয়ে।

কংগনাই ছবিখন জীৱনীমূলক নহয় বুলি সদৰী কৰিছে।অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে বহুকেইজন প্ৰখ্যাত অভিনেতাই এই ছবিৰ চৰিত্ৰ সমূহ ৰূপায়ন কৰিব।

আপকামিং এই চলচ্চিত্ৰ খনৰ সন্দৰ্ভত ইতিমধ্যে টুইটাৰত টুইট কৰিছে অভিনেত্ৰীগৰাকীয়ে। এই চিনেমাখন মণিকৰ্ণিকাৰ প্ৰডাকছন টিমৰ। অভিনেত্ৰী গৰাকীয়ে কয় যে, ”এইখন ছবিখন মোৰ বন্ধু ছাই কবীৰৰ। যিয়ে মণিকৰ্ণিকা চিনেমাখনৰো প্ৰযোজনা কৰিছে। ছবিখনৰ কাহিনী আৰু পৰিচালনা ছাই কবীৰৰ।”

এই চিনেমাখন ঐতিহাসিক পটভূমিত ৰচিত এখন চিৰিয়াছ চিনেমা হ’ব। এই ৰাজনৈতিক চিনেমাখনত দৰ্শকে বৰ্তমান ভাৰতৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আভাস পোৱাটো সহায়ক হ’ব। উল্লেখ্য যে বৰ্তমানলৈকে স্থিৰ হোৱা নাই ছবিখনৰ নাম।

উল্লেখ্য় যে ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীক ৰাণী লক্ষ্মীবাঈৰ চৰিত্ৰত দেখা গৈছিল। পিছে এই চলচ্চিত্ৰ খন ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত আধাৰিত নহয়। ইয়াত দেখা পোৱা যাব ১৯৭৫চনৰ জৰুৰীকালীন আৰু অপাৰেচন ব্লু ষ্টাৰৰ লগত জড়িত কিছু কাহিনী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply