অভিনেত্ৰী অনিতা হছনন্দিনীৰ সৈতে বলীউদৰ জনপ্ৰিয় পৰিচালিকা একতা কাপুৰ Credit: ইনষ্টাগ্ৰাম

নিউজ ডেস্ক– বলীউদৰ জনপ্ৰিয় পৰিচালিকা একতা কাপুৰৰ শিৰত সেন্দুৰ। সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী অনিতা হছনন্দিনীৰ সৈতে ইনষ্টাগ্ৰামৰ এটা প’ষ্টত একতাক দেখি আচৰিত সকলো।

অভিনেত্ৰী অনিতাই মঙলবাৰে এটি পুত্ৰ সন্তান জন্ম দিয়ে। অনিতা হসনন্দিনী একতা কাপুৰৰ ভাল বান্ধৱী। একতা কাপুৰ অনিতা হছনন্দিনীৰ প্ৰসৱৰ মূহুৰ্ত্ততো হস্পিতালতে আছিল। এই ভিডিঅ’টোত দেখা গৈছে হস্পিতালৰ বিছনাত অনিতা হসনন্দিনী আৰু কাষত একতা কাপুৰ । ভিডিঅ’টোত দেখা গৈছে একতা কাপুৰৰ শিৰত সেন্দুৰ। এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত দেখি অনুৰাগী সকলৰ মনত নানা-ধৰণৰ প্ৰশ্নৰ উত্থাপন হয়। কোনো কোনোৱে প’ষ্টটোৰ কমেন্টত লিখিছে একতাই মনে মনে বিবাহপাশত আবদ্ধ হ’ল নেকি?

কিন্তু তাৰমাজতে আকৌ কোনোৱে কোনোৱে কৈছে একতা খুবেই ধাৰ্মিক। মন্দিৰৰ ফোট লগাওঁতে কিছু ওপৰত গৈ ফোটটো লাগিল।

পিছে এই সন্দৰ্ভত একতাই একো প্ৰকাশ কৰা নাই। ইয়াৰ প্ৰকৃত ৰহস্যক লৈ এতিয়াও একতাৰ অনুৰাগী সকলৰ মাজত বিভিন্ন প্ৰশ্ন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply