নিউজ ডেস্ক– এখন বিশেষ এম্বাচাদৰ। সাধাৰণতে গাড়ীসমূহ ইন্ধনৰ দ্বাৰা চলোৱা হয় পিছে এই গাড়ীখন ইন্ধনেৰে নহয় এইখন চলে গৰুৰ সহায়ত। ছ’চিয়েল মিডিয়াত তোলপাৰ লগাইছে এই গাড়ীখনে। ভাৰতৰ বিখ্য়াত উদ্য়োগপতি তথা মাহিন্দ্ৰা গ্ৰুপৰ অধ্য়ক্ষ আনন্দ মাহিন্দাই টুইটাৰত এই গাড়ী খনৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ পাছতেই ভাইৰেল হৈ পৰে এই ভিডিঅ’। ভিডিঅ’ টোত দেখা গৈছে গাড়ীখনৰ বহাৰ অংশটোত সংলগ্ল হৈছে এম্বেচাদৰৰ পিছৰ অংশ। কিন্তু এই গাড়ীখন টানিছে দুটা বলধ গৰুৱে।
ভিডিঅটো শ্বেয়াৰ কৰি আনন্দ মাহিন্দাই কেপচনত লিখিছে, ‘মোৰ এনেকুৱা অনুভৱ হৈছে এলেন আৰু টেছলায়ো এই ‘ৰিনুৱেল এনাৰ্জী ফুৱেল’ গাড়ীখনৰ লগত ফেৰ মাৰিব নোৱাৰিব।’
I don’t think @elonmusk & Tesla can match the low cost of this renewable energy-fuelled car. Not sure about the emissions level, though, if you take methane into account… pic.twitter.com/C7QzbEOGys
— anand mahindra (@anandmahindra) December 23, 2020
২৩ ডিচেম্বৰত আনন্দ মাহিন্দাই নিজৰ টুইটাৰ একাউন্টত এই ভিডিঅ’ শ্বেয়াৰ কৰা লগে লগে প্ৰায় ৩লাখৰো অধিক লোকে এই ভিডিঅ প্ৰত্য়ক্ষ কৰে। ভিডিঅটো ৰি-টুইটো কৰিছে প্ৰায় ৩হাজাৰ লোকে। ছচিয়েল মিডিয়াত বহুতে প্ৰচণ্ড কৰিছে বিশেষ গৰুগাড়ী খন। পিছে এই ঘটনাটো ক’ৰ হয় সন্দৰ্ভত একো উল্লেখ কৰা নাই আনন্দ মাহিন্দাই।