নিউজ ডেস্ক– কোনো কোনোৱে ভুল কৰে ঐশ্বৰ্য ৰায় বুলিয়েই। পিছে এইগৰাকী বলীউদ অভিনেত্ৰী ঐশ্বৰ্য ৰায় নহয় এওঁ হৈছে মাৰাঠী ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী মানসী নাইকহে। মঙলবাৰে পুণেত সম্পন্ন হৈ যায় মানসী নাইকৰ বিয়া। বক্সাৰ প্ৰদীপ খৰেৰাৰ লগত বিবাহপাশত আবদ্ধ হয় মানসী। অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত নিজৰ বিয়াৰ কে’বাখনো ফটো শ্বেয়াৰ কৰে।
স্বামীৰ সৈতে উঠা এখন ফটোৰ কেপচনত তেওঁ লিখে ”মিষ্টাৰ আৰু মিচেছ খৰেৰা”।ফটোখনত দেখা গৈছে মানসীয়ে ‘যোধা আকবৰ’ চিনেমাখনত অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে পৰিধান কৰা লেহেংগাৰ দৰেই কইনাৰ সাজযোৰ পৰিধান কৰিছে। মানসীৰ এই ষ্টাইলক অনুৰাগী সকলেও খুবেই পচন্দ কৰিছে।
অভিনেত্ৰী গৰাকী দেখাত বলীউড অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ সৈতে সাইলাখ একে। বহুতেই তেওঁক ঐশ্বৰ্য ৰায় বুলিও ভুল কৰে। ছচিয়েল মিডিয়াতো খুবেই জনপ্ৰিয় মানসী। মানসীৰ ফটো আৰু ভিডিঅ’ সমূহ ছচিয়েল মিডিয়াত খুবেই জনপ্ৰিয়।
দীৰ্ঘদিন ধৰি মানসী নাইক আৰু প্ৰদীপ খৰেৰাই ইজনে সিজনক ‘ডেট’ কৰি আহিছে। উল্লেখ্য় যে মানসীৰ স্বামী প্ৰদীপ খৰেৰাই ”ৱৰ্ল্ড বক্সিং চেম্পিয়ন”ৰ ”Asian title champion” ৰ খিতাপো অৰ্জন কৰিছিল। বহুদিনৰ প্ৰেমৰ অন্তত অৱশেষত ১২জানুৱাৰী তাৰিখে বিবাহপাশত আবদ্ধ হয় দুয়োজনে।