পিতৃ-মাতৃ হ’ল বিৰাট-অনুষ্কা

নিউজ ডেস্ক– কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল বিৰাট কোহলী- অনুষ্কা শৰ্মা। ক্ৰিকেটাৰ গৰাকীয়ে টুইটযোগে এই শুভ সংবাদ দিলে শুভাকাংশীক। ক্ৰিকেটাৰ গৰাকীয়ে কয়, ”আমি দুয়োজনে আপোনালোকক এই কথাটো জনাবলৈ পাই সুখী হৈছো যে আজি দুপৰীয়া আমাৰ এজনী ছোৱালী জন্ম হৈছে। আপোনালোকৰ মৰম আৰু প্ৰাৰ্থনাৰ বাবে আপোনালোকক অন্তৰৰ পৰা ধন্য়বাদ জনাইছো। অনুষ্কা আৰু আমাৰ ছোৱালীজনী ভালেই আছে। এইয়া আমাৰ সৌভাগ্য় যে জীৱনৰ এই অধ্য়ায়টোৰ আমি অনুভৱ কৰিবলৈ পাৰিলো।”

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই এই আনন্দৰ খবৰ ফেচবুক,টুইটাৰ আৰু ইনষ্টাগ্ৰামটো শ্বেয়াৰ কৰে।

উল্লেখ্য় যে ২০২১চনত যে তেওঁলোকৰ ঘৰলৈ নতুন আলহী আহিব এই খবৰটো যোৱা বছৰৰ আগষ্ট মাহতেই খবৰটো ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছিল। তেতিয়াৰে পৰা অনুষ্কা শৰ্মা চৰ্চাত আছিল। গৰ্ভাৱস্থাত অনুষ্কাই এখন মেগাজিনৰ কভাৰ পেজৰ বাবে ফটো শ্বুট কৰিছিল।

মেগাজিনৰ এক সাক্ষাৎকাৰত অনুষ্কাই কৈছিল আমাৰ সন্তানক ছচিয়েল মিডিয়াৰ পৰা দূৰত ৰাখিম। লগতে অভিনেত্ৰী গৰাকীয়ে কৈছিল কোনো সন্তানকে স্পিচিয়েল বুলি ভাবিব নালাগে। এনেকুৱা পৰিস্থিতি সম্ভালা ডাঙৰৰ বাবেও সমস্য়া। বিৰাট কোহলীয়েও তেওঁলোকৰ ছোৱালীজনী গোপনীয়তা ৰক্ষা কৰিবলৈও আহ্বান জনাইছে।

বিৰাট-অনুষ্কাৰ জীৱনলৈ নতুন আলহীৰ আগমণকলৈ বিভিন্ন জনে শুভকামনা জনাইছে দুয়োকে।

ছচিয়েল মিডিয়াত বিৰাট – অনুষ্কাক শুভকামনাৰে উপচাই দিছে শুভাকাংশীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply