নিউজ ডেস্ক– জি টি.ভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘কবুল হেই ২.০’ৰ শীৰ্ষগীতত কন্ঠদান কৰিলে অসমৰ জীয়ৰী কাব্যশ্ৰী বৰা ‘কাইছি’। অকল কন্ঠদান কৰাই নহয় গীতটোৰ ৰচনায়ো কাব্যশ্ৰীৰ। কাব্যশ্ৰী বৰা সকলোৰে মাজত কাইছি বুলিহে জনপ্ৰিয়।
যোৰহাটৰ কাব্যশ্ৰীয়ে ”The Socho Project ” নামৰ মিউজিকেল ৱেব ছিৰিজত কন্ঠদান কৰিছিল। তেতিয়াই কাব্যশ্ৰীয়ে লগ পাইছিল মৃণাল ঝা আৰু অভিজ্ঞান ঝাক। মৃণাল ঝা আৰু অভিজ্ঞান ঝা আছিল মিউজিকেল ৱেব ছিৰিজ খনৰ পৰিচালক আৰু প্ৰযোজক। মৃণাল ঝাই ‘কবুল হেই ২.০’ৰ শীৰ্ষগীতত কন্ঠদান কৰাৰ সুযোগ দিয়ে বুলি উল্লেখ কৰে কাইছিয়ে।
মৃণাল ঝা আৰু অভিজ্ঞান ঝা ‘কবুল হেই ২.০’ ধাৰাবাহিক খনৰ পৰিচালক আৰু প্ৰযোজক। ধাৰাবাহিকখনৰ গীতটো কাব্যশ্ৰীয়ে যোৰহাটতে ৰেকৰ্ডিং কৰিছিল বুলি জানিব পৰা গৈছে।গীতটো প্ৰযোজনা কৰিছিল বেছহ’লে।
দুদিন পূৰ্বে এই ধাৰাবাহিকখনৰ ‘Teaser’ মুকলি কৰা হৈছে। অহা ১২ মাৰ্চত এই ধাৰাবাহিকখন ‘জি প্ৰিমিয়াৰ ৫’ ত মুক্তি লাভ কৰিব।
উল্লেখ্য় যে ইয়াৰ পূৰ্বে কাইছিয়ে ভাৰতীয় যুৱ সমাজত জনপ্ৰিয় ‘Raji: An Ancient Epic’ নামৰ এটা ভিডিঅ’ গেমটোৰ এটি মন্ত্ৰত কন্ঠ নিগৰাইছিল।