নিউজ ডেস্কঃ অসমীয়া চলচ্চিত্ৰ জগতলৈ আন এক সুখবৰ। ২৫তম কেৰালা চলচ্চিত্ৰ মহোৎসৱৰ বাবে আমন্ত্ৰিত হ’ল বিশ্বজিত বৰাৰ ‘বেলকনিত ভগৱান’। Indian Cinema Now ৰ প্ৰতিযোগিতা শাখাৰ বাবে আমন্ত্ৰিত হৈছে এই ছবিখন।
এই বৰ্ষত চৰ্চাত থকা মুঠ সাতখন ছবিৰ লগতেই দেশৰ সৰ্ববৃহৎ প্ৰতিযোগিতালৈ মনোনয়ন লাভ কৰিছে ‘বেলকনিত ভগৱান’ ছবিয়ে। অহা দহ ফেব্ৰুৱাৰীৰ পৰা পাঁচ মাৰ্চলৈ ২৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই চলচ্চিত্ৰ মহোৎসৱ। দেশ বিদেশৰ প্ৰায় ২০০ৰো অধিক কথাছবি প্ৰদৰ্শন হ’বলগীয়া এই মহোৎসৱত চাৰিবাৰকৈ প্ৰদৰ্শিত হ’ব ছবিখন।
মাইনা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে নুৰুল চুলতানে আৰু পৰিচালনা কৰিছে বিশ্বজিত বৰাই। ইতিমধ্যে ছবিখনে বহুকেইটা বঁটা লাভ কৰাৰ লগতে মনোনীত তথা নিৰ্বাচিত হৈছে বহুকেইটা চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত কৰাৰ লগতে অংশ লৈছে |
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে হৰিশ খান্নাই। আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী বৰা আৰু পৰিনান্ধি জিমা চুলতানাই। ইয়াৰোপৰি অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ’ আদি বহুকেইগৰাকী শিল্পীয়ে। এইবছৰৰে শেষৰভাগলৈ মুক্তি লাভ কৰিব বহুলভাৱে চৰ্চিত এই ছবিখনে।